ডিজিটেল ডেস্কঃ এগৰাকী ১২ বছৰীয়ে ভাৰতীয় কিশোৰীয়ে সুন্দৰী প্ৰতিযোগিতাত বিশ্ববাসীক সৌন্দৰ্যৰে মোহাবিষ্ট কৰাৰ বাবে সাজু হৈছে। সুন্দৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে সাজু হৈছে এই ভাৰতীয় কিশোৰীগৰাকী৷
উৰিষ্যাৰ পদ্মালয়া নন্দা নামৰ ১২ বছৰীয়া কিশোৰীগৰাকীয়ে নিৰ্বাচিত হৈছে ’লিটল মিছ ইউনিভাৰ্ছ’ সুন্দৰী প্ৰতিযোগিতাৰ বাবে৷ ৩১ মে’ত আমেৰিকাৰ জৰ্জিয়াত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা৷ তদুপৰি গ্ৰীচত অনুষ্ঠিত হ’বলগীয়া ’লিটল মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ বাবেও নিৰ্বাচিত হৈছে পদ্মালয়া৷