ডিজিটেল ৰিপ’ৰ্টঃ দৰিদ্ৰতা কেতিয়াও সফলতাত বাধা হ’ব নোৱাৰে। তাৰে এক নিদৰ্শন নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ৰাজাবাবু শইকীয়া। প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যৱসায়ে উত্তৰ লখিমপুৰৰ ৰাজাবাবুক দেখুৱাইছে সফলতাৰ বাট।
সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ স্থান দখল কৰা ৰামানুজনৰ ছাত্ৰ ৰাজাবাবুৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে বিদ্যালয় কৰ্তৃপক্ষই বহন কৰিছিল তেওঁৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব। বিদ্যালয়খনৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জনাই ৰাজাবাবুয়ে কয়- ‘বিদ্যালয় কৰ্তৃপক্ষৰ সহায়-সহযোগিতা অবিহনে এয়া সম্ভৱ নহ’লহেতেন’।