চিলাপথাৰঃ উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তোষজনক প্ৰদৰ্শন চিলাপথাৰৰ। অঞ্চলটোৰ লেখত লবলগীয়া চিমেন চাপৰি মহাবিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৬৯% শতাংশ। ইয়াৰে প্ৰথম বিভাগত ১২, দ্বিতীয় বিভাগত ৪৩, আৰু তৃতীয় বিভাগত ২১১ গৰাকী উত্তীর্ণ হৈছে।
ডিমৌ কনিষ্ঠ মহাবিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৯৯% শতাংশ। প্ৰথম বিভাগত ৪ গৰাকী, দ্বিতীয় বিভাগত ২২ গৰাকী আৰু ৫৪ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হোৱাৰ লগতে বাণিজ্য শাখাত প্ৰথম এগৰাকী, ১৬ গৰাকী দ্বিতীয় আৰু ৫৪ তৃতীয় বিভাগত উত্তীর্ণ হৈছে।