তেজপুৰঃ মনৰ বাঞ্চা পূৰণ কৰাৰ বাবে এখন থানত শৰাই এভাগ দিলেই হয়। এই বিশ্বাসকেই সৰোগত কৰি শোণিতপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মবিশ্বাসী লোকসকল আহে এখন থানলৈ। এই থানখন হৈছে শোণিতপুৰ জিলাখনৰ ধৰ্মীয় অনুভূতিশীল ব্যক্তিসকলৰ বাবে এক বিশ্বাস আৰু আস্থাৰ স্থলীস্বৰূপ ঐতিহাসিক কলিয়া গোঁসাই থান।
কিন্তু জৰাজীৰ্ণ পথৰ বাবেই যেন মনোবাঞ্চা পুৰণ কৰাৰ বাবে শৰাই দিয়াৰ কথাতো বাদেই, সেই স্থানত উপস্থিত হোৱাটোও কঠিন হৈ পৰিছিল। বহুদূৰ যেন হৈ পৰিছিল সেই থান।