ডিজিটেল ৰিপ’ৰ্টঃ বিহু বিনন্দীয়া। প্ৰতিজন অসমীয়াৰ মনত বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। স্বদেশতেই হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মনে। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও দক্ষিণ আফ্ৰিকাৰ অসম এছ’চিয়েশ্যনৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উদযাপন কৰা হয় বাপতি সাহোন বিহুটি।
বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে পলমকৈ হ’লেও প্ৰবাসী ভাৰতীয়সকলে সময় সুযোগ মিলাই যোৱা ২৭ মে’ৰ দিনাখন দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ পাৰেল চহৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিহু উৎসৱত অামেৰিকা, ছুইজাৰলেণ্ড, জাৰ্মানী, নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বহু সংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে।