73
অভয়াপুৰীঃ অভয়াপুৰীৰ শিঙিমাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন দলঙৰ ওপৰত আজি পুৱাৰ ভাগত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।
যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত ২০ জনৰো অধিক লোক আহত। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা 18-C-3082 নম্বৰ বাছখন আৰু বিপৰীত দিশৰ পৰা আহি থকা WB-23-B-9955 নম্বৰৰ ট্ৰাকখন ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাই পথত শিঙিমাৰীস্থিত দলংখনৰ ওপৰত মুখা-মুখি সংঘৰ্ষৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথটোৰ দুয়ো দিশৰ যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে।