শিৱসাগৰঃ শিৱসাগৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্তলৈ উন্নীত কৰিবলৈ পথটোৰ দুয়োকাষে অধিগ্ৰহণ কৰা মাটিৰ গৰাকীসকলে উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ প্ৰতিবাদত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
ৰ্পূবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱণ্টিত পুঁজি অনুমোদিত তালিকা সংশোধনৰ নামত ক্ষতিগ্ৰস্ত ৰাইজৰ পুঁজি কৰ্ত্তন কৰাৰ প্ৰতিবাদত দুঘণ্টীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধ তথা কেইবালানিও আলোচনা কৰা হৈছিল যদিও কোনো সুফল লাভ নকৰাত পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয় ক্ষতিগ্ৰস্তসকলে।