78
ওদালগুৰিঃ অসমীয়া সমাজ জীৱনৰ অপৰিহাৰ্য অংগ হৈছে নামঘৰ৷ নামঘৰ যেন অসমীয়াৰ সঞ্জীৱনী৷ যেনেদৰে জগত গুৰু শংকৰদেৱে পবিত্ৰ নামঘৰত শাস্ত্ৰ অধ্যয়ন কৰিছিল ঠিক তেনেদৰেই অসমৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়খনক নামঘৰৰ দৰে চাফ-চিকুন কৰি পঢ়া-শুনা কৰি গৈছে৷
ওদালগুৰিৰ এই খন চৰকাৰী বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ওদালগুৰি সদৰৰ পৰা মাত্ৰ ৬ কিল’মিটাৰ দূৰৰ এই বিদ্যালয়খনক একপ্ৰকাৰ মন্দিৰলৈ ৰূপান্তৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।