97
বিশ্বনাথঃ পুনৰ ৰাজ্যত বোৱাৰী হত্যা। এইবাৰ বোৱাৰী হত্যাৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ জিলাৰ সেউজপুৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱতি ললে এগৰাকী বোৱাৰীয়ে।
এবছৰ পূৰ্বে বিশ্বনাথৰ ফৰহাদ চিকদাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল নামৰূপৰ ৰজীয়ে৷ এবছৰ পুৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰজীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য এতিয়া সমগ্ৰ বিশ্বনাথত।