59
নগাঁওঃ ৰাজ্য চৰকাৰে বিগত ২০০৬ চনৰ পৰাই শিক্ষানুষ্ঠানৰ আশে-পাশে চাধা, চিগাৰেট, বিড়িকে ধৰি সকলো ধৰণৰ ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে যদিও সেয়া বৰ্তমানো কাৰ্যকৰী হোৱা নাই নগাঁও জিলাত৷
কিয়নো, জিলা প্ৰশাসন আৰু বিভিন্ন বেচৰকাৰী দল-সংগঠনে সময়ে সময়ে গুটখা জাতীয় দ্ৰব্য নিবাৰণী অভিযান চলাই থকাৰ পিছতো ৰাজ্যৰ অান বহু ঠাইৰ দৰে নগাঁও জিলাতো এইবোৰৰ প্ৰচলন ব্যাপক হাৰত নিৰ্বিঘ্নে চলি থকা দেখিবলৈ পোৱা গৈছে৷