77
নাওকাটাঃ মধ্যযুগত শিলেৰে শিলক ঘঁহি জুই জ্বলাইছিল৷ মানুহে নাদ, কুৱা, পুখুৰীৰ পানী খাইছিল৷ কিন্তু এতিয়া সময় সলনি হ’ল৷ শিলেৰে শিলক ঘঁহি জুই জ্বলােৱাৰ সময় গ’ল।
নাদ, কুৱা, পুখুৰীৰ পানীৰ পৰিৱৰ্ত্তে মানুহে এতিয়া চুইছ টিপিলেই লিটাৰে লিটাৰে পানী পোৱা হ’ল৷ আমাৰ ৰাজ্যখনৰো বহু ঠাইৰ উন্নতি হ’ল যদিও দেশে স্বাধীনতা লাভ কৰাৰ সাতোটাকৈ দশক অতিক্ৰম কৰাৰ পিছতো আলান্ধুকলীয়া আহিলাৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে ৰাজ্যৰ বহু ঠাইৰ লোকে।