Home অন্যান্য খবৰড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আলোচনা চক্ৰ

ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আলোচনা চক্ৰ

by News Desk
141 views
A+A-
Reset

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আজি সাহিত্য অকাডেমীৰ সহযোগত এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ ‘ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু কৰ্ম’ শীৰ্ষক আলোচনা চক্ৰখন মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ড০ কৰবী ডেকা হাজৰিকাই৷ 

মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সোমনাথ বৰাই আঁত ধৰা আলোচনা চক্ৰখন উদ্বোধন কৰে  সাহিত্য অকাডেমীৰ কাৰ্যসূচী নিৰ্ধাৰক বিষয়া মিহিৰ কুমাৰ চাহুৱে৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষাতত্ববিদ ড০ ৰমেশ পাঠকে কয় যে, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰথম শ্ৰেণীৰ শিক্ষাবিদ, ভাষাবিদ, সাহিত্যিক আৰু প্ৰখ্যাত ভ্ৰমণ কাহিনী লেখক৷ আলোচনা চক্ৰত আন এগৰাকী সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে বিৰিঞ্চি কুমাৰ বৰুৱা আধুনিক বিদ্যায়তনিক সমাজৰ স্বপ্নদ্ৰষ্ট্ৰা আছিল বুলি কয়৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0