Home অন্যান্য খবৰৰাজ্যজুৰি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উদযাপন

ৰাজ্যজুৰি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উদযাপন

by News Desk
76 views
A+A-
Reset

গহপুৰঃ আজি ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫২৮ তম আৱিৰ্ভাৱ তিথি উদযাপন কৰা হয়৷ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গহপুৰ মহকুমাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নামঘৰৰ আৰ্হিৰে মঞ্চটি সজাই দবা – শঙ্খ, থাপনা প্ৰতিষ্ঠা কৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি।

থাপনা প্ৰতিষ্ঠা তথা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি আৰম্ভ কৰে বৃহত্তৰ গহপুৰ মহকুমাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক পীতাম্বৰ হাজৰিকাই। উক্ত অনুষ্ঠানটিৰ সভাপতিৰ আসন অলংকৃত কৰে শিৱসাগৰৰ পৰা অহা শিক্ষাবিদ ডঃ মামণি বৰাই। পাছত ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰৰ দ্বাৰা মহাপুৰুষীয়া গায়ন বায়ন পৰিৱেশনৰে মঞ্চ মুকলি কৰা হয়। গায়ন বায়নৰ দলটিৰ নেতৃত্বত আছিল সংস্কৃতিৱান যুৱক ছয়দুৱাৰ মহাবিদ্যালয়ৰ একালৰ ছাত্ৰ জ্যোতি মহন্ত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0