বাঘবৰঃ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে সংখ্যালঘু শিক্ষিত যুৱক-যুৱতীক কাৰিকৰী শিক্ষাৰ যোগেদি মানৱ সম্পদ গঢ়াৰ প্ৰচেষ্টাৰে কোটি কোটি টকাৰ আঁচনি ভাৰত চৰকাৰৰ সংখ্যালঘু বিভাগে মুকলি কৰি দিছে যদিও সেয়া কাৰ্যতঃ হিতাধিকাৰীৰ ওচৰ পোৱাগৈ নাই। একাংশ বহিঃৰাজ্যৰ লুন্ঠনকাৰী কোম্পানীৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই বুলি অভিযোগ উত্থাপিত হৈছে বাঘবৰৰ মন্দিয়াত।
সংখ্যালঘু ছাত্ৰ ছাত্ৰীক ফ্ৰিজ আৰু টেইলৰিঙৰ কাৰিকৰী প্ৰশিক্ষণ দি থকা কলকাতাস্থিত অৰিয়ন ইডুটেক প্ৰাইভেট কোম্পানীৰ বিৰুদ্ধে এই অভিযোগ।