90
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে উত্থাপিত হৈছে মেচ ফিক্সিঙৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত উপনীত হোৱাৰ অভিযোগ। দলটোৰ প্ৰাক্তন ক্ৰিকেটাৰ আমিৰ ছোহেলে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ৷
এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয় যে পাকিস্তানৰ দলটোৱে ফাইনেলত অৱতীৰ্ণ হোৱাৰ বাবে সুখী হোৱাৰ প্ৰয়োজন নাই। দলটোৱে খেলৰ কৌশলৰ বাবে নহয় দুই নম্বৰী পদ্ধতি অৱলম্বন কৰিহে ফাইনেল খেলাৰ সুযোগ পাইছে অভিযোগ কৰি এইদৰে কয় ছোহেলে৷