গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ বিশেষ আয়োজন কৰা হৈছে । বাগসা জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু গোৰেশ্বৰ শাখা পতঞ্জলি যোগ সমিতিৰ লগতে গোৰেশ্বৰ আৰ্মী কেম্পৰ সহযোগত বেঙেনাহাটী ৰাজহুৱা সভা গৃহত যোগ দিৱস পালন কৰা হব।
দিৱসৰ লগত সংগতি ৰাখি আয়োজিত শিবিৰত যোগাসন শিকাব অভিজ্ঞ যোগ শিক্ষকে। যোগ সাধনাৰ জৰিয়তে মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰাৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো পৰ্যায়ৰ লোকক উপস্থিত কৰোৱাই আয়োজক সমিতেয়ে যোগাভ্যাস গঢ়ি তুলি সমাজৰ পৰিৰ্বতন সাধিবলৈ চেষ্টা অব্যাহত ৰাখিছে।