86
ডিজিটেল ডেস্কঃ কঁপি উঠে কিয় তাজমহল বুলি প্ৰেমাস্পদে বিনাব পাৰে, কিন্তু ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সৈতে ছাহজাহানে নিৰ্মাণ কৰা এই অমৰ সৌধৰ কোনো সম্পৰ্ক নাই। এই যুক্তি উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।
কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ উপলক্ষত বিহাৰৰ দাৰভাংগাৰ এখন সভাত অংশ গ্ৰহণ কৰি তেওঁ নিজৰ বক্তব্যৰ সমৰ্থনত আগবঢ়ালে নানা যুক্তি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ মতে তাজমহলে কেৱল বহন কৰিছে মমতাজৰ স্মৃতিহে।