ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেলখন, তাকো ভাৰত-পাকিস্তানৰ মাজত। স্বাভাৱিকতে দেশপ্ৰেমত হাবু-ডুবু নোখোৱাজনৰো অন্তৰত উথলি উঠিব পাৰে নিজৰ জাতীয় দলটোক জয়ী কৰোৱাৰ দুৰ্বাৰ ইচ্ছা। কিন্তু এই দুৰ্বাৰ ইচ্ছাকো চেৰ পেলাইছে জুৱাই।
কোটি কোটি টকাৰ জুৱা আৰম্ভ হৈছে দেওবাৰৰ এই হাই-ভল্টেজ মেচখনক লৈ। ক্ৰিকেট অনুৰাগীৰ সমানেই জুৱা থলীত উথপ-থপ লাগিছে এই খেলখনক লৈ৷ ইতিমধ্যে চূড়ান্ত খেলখনৰ বাবে বুকীৰ মাজত ২ হাজাৰ কোটি টকাৰ জুৱা আৰম্ভ হোৱা বুলি অল ইণ্ডিয়া গেমিং ফেডাৰশ্যনে প্ৰকাশ কৰিছে৷