ডিজিটেল ডেস্কঃ গৰমৰ বন্ধত কণমানিহঁতক লৈ এইবাৰ ক’লৈ যাব? শ্বিলং নে দাৰ্জিলিং? শ্বিলঙলৈ গ’লে ক’বলগীয়া একো নাই। কিন্তু ভুলতো দাৰ্জিলিঙলৈ নাযাব। গ’লে নিগমে মৰিব। কিয়নো ভাষাক লৈ বিগত কিছুদিন ধৰি ৰক্তাক্ত হৈ পৰিছে শান্ত সমাহিত পাহাৰীয়া দাৰ্জিলিং।
পশ্চিম বংগত মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনৰ বিদ্যালয়ত বাংলা ভাষা বাধ্যতামূলক কৰা হ’ব বুলি ঘোষণা কৰাৰ লগে লগে ক্ষোভত ফাটি পৰিছে দাৰ্জিলিং৷ এই ঘোষণাৰ প্ৰতিবাদত যোৱা ৫ জনত গোৰ্খা জনমুক্তি মৰ্চাই দাহ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পুত্তলিকা৷ তেতিয়াৰ পৰা ক্ৰমাত অগ্নিগৰ্ভা হৈ পৰিছে এই আন্দোলন৷