88
কোকৰাঝাৰ : কোকৰাঝাৰ নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আজি ভূটীয়াপাৰাৰ শিৱশক্তি ভৱনত জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা নাথ যোগী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।
অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক গোলক নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত কৃতী ছাত্ৰ ছাত্ৰীসকলক নাথ যোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গামোচা , কলম , অভিধান আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ।