বালিপৰাঃ শোণিতপুৰৰ জিলাৰ জৈৱ বৈচিত্ৰৰে ভৰপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চল সমূহ বেদখলকাৰী আৰু চোৰাং ব্যৱসায়ী সকলে ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত হাতী মানুহৰ সংঘাতে চুড়ান্ত ৰূপ লৈছে।
খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰবেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহাটো সৰ্বজনবিদিত। বিশেষকৈ জিলাখনৰ সোনাই ৰূপাই অভয়াৰন্য, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে ৰঙাপৰা অঞ্চলৰ চেচা, হাৰচুড়া, আদাবাৰী, ফুলবাৰী, ধেন্দাই, তাৰাজুলি, বিন্দুকুৰি আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে।