মঙলদৈঃ বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষক হিতাধিকাৰীসকলৰ ক্ষতিপুৰণ হিচাবে লাভ কৰিব লগা বীজ বিতৰনৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন উঠিছে মঙলদৈ কৃষি বিভাগৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে।
মঙলদৈ সমষ্টিৰ অন্তৰ্গত মোল্লাপাৰা¸ কনাইচুৱা গাঁৱত বানপানীৰ ফলত নষ্ট হোৱা কঠিয়াৰ ক্ষতিপুৰণ হিচাপে কৃষি বিভাগৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত হোৱা কৃষকক ধানৰ বীজ হিচাবে প্ৰতিগৰাকীৰ বাবে ধাৰ্য ১২.৫ কি.গ্ৰা. কৈ ধান দিয়াৰ বিপৰীতে ৫ কি.গ্ৰা.কৈ দিয়াৰ ফলত পৰিস্থিতি উত্তাল হৈ পৰে।