61
অভয়াপুৰীঃ বাট ভুল কৰা যুৱতীক সহায়ৰ বিপৰীতে ধৰ্ষণৰ চেষ্টা চলালে চাৰিজনীয়া যুৱকৰ দল এটাই। যুৱতীক নিৰ্জন ঠাইলৈ টেম্পোৰে উঠাই লৈ যায় যদিও চিঞৰ-বাখৰত এক নিশ্চিত বিপদৰ পৰা বাচিবলৈ সক্ষম হয় যুৱতীগৰাকী।
প্ৰাপ্ত তথ্য মতে মঙলবাৰে নিশা মৰি গাওঁৰ মিকিৰ গাওঁৰ যুৱতী এগৰাকী জগীৰোড ৰেল ষ্টেচনৰ পৰা মাটিয়াস্থিত ভিনিয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।