ডিজিটেল ৰিপ’ৰ্টঃ ফেচবুক, বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। ফেচবুক বুলিয়েই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। বহু অভিভাৱকে নিজৰ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰে। শৈক্ষিক আৰু চাৰিত্ৰিক দিশত আঘাত হানিব পাৰে বুলিয়েই এনে অভিভাৱকে নিজৰ সন্তানক পাৰ্যমানে ফেচবুকৰ পৰা আঁতৰাই ৰাখে।
ইয়াৰ মাজতে, ফেচবুকৰ নেতিবাচক দিশবোৰতকৈ ইতিবাচক দিশসমূহ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। যি সময়ত ফেচবুকক মুষ্টিমেয় দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰিবলৈ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে তেনে সময়ত যুৱ প্ৰজন্মৰ বহুতে এই ফেচবুকৰ যোগেদিয়েই সাহিত্য চৰ্চা অথবা অন্যান্য ভালেমান গঠনমূলক বিষয়ৰ আলোচনা-সমালোচনা কৰি মানুহৰ মনত ফেচবুক সম্পৰ্কে এক ইতিবাচক ধাৰণা গঢ় দিবলৈ সক্ষম হৈছে। তেনে কেইগৰাকীমান যুৱক-যুৱতীক লৈয়ে এই প্ৰতিবেদনঃ