বিহগুৰিঃ সীৰা কটা যোৱাত চিকিৎসা গ্ৰহণৰ উদ্দেশ্যে ঢপলিয়াই অহা এগৰাকী ৰোগীক তেজপুৰ মেডিকেল কলেজৰ চিকিৎসকে বিমুখ কৰা ঘটনাই আকৌ এবাৰ চিন্তাত পেলাইছে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাৰ দিশটোক লৈ।
তেজপুৰ মেডিকেল কলেজত ৰক্ত প্ৰৱাহক নাড়ীৰ অপাৰেচনৰ সুবিধা নাই বুলি মন্তব্যৰে চিকিৎসক প্ৰাণজিৎ ডেকাই ৰোগী গৰাকীক নিদিষ্ট নাৰ্ছিং হোমলৈ যোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰা ঘটনাই একাংশ চিকিৎসকৰ ব্যাক্তিগত নাৰ্ছিংহোমৰ সৈতে থকা নিকট সম্পৰ্ক পুনৰবাৰৰ বাবে স্পষ্ট হৈ পৰাৰ ইংগিত বহন কৰিছে।