অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপত কুজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন ১৩ বছৰীয়া ছাত্ৰৰ মৃতদেহ ৩৬ ঘন্টাৰ অন্তত উদ্ধাৰ হয়। চাপাগুৰি লিটল ফ্লাৱাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ চিন্ময় বিদূৰ দৈমাৰীয়ে মঙলবাৰে তুলুঙীয়া কুজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল৷
বঙাইগাঁও নোৱাপাৰাৰ পৰা তুলুঙীয়া কুজীয়া নৈত সন্ধানহীন হোৱা ছাত্ৰজনৰ মৃতদেহ অভয়াপুৰীৰ তুলুঙীয়াত উদ্ধাৰ হয়৷ ছাত্ৰজন সন্ধানহীন হোৱাৰ পাছৰে পৰা পৰিয়ালৰ লোকসকল ব্যাকুল হৈ পৰে। আজি দিনৰ প্ৰায় ১২-৩০ বজাত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী তুলুঙীয়াৰ কুজীয়া নৈত ৰাইজে এটি মৃতদেহ প্ৰত্যক্ষ কৰি উত্তৰ শালমাৰা আৰক্ষী চকীত খবৰ দিয়ে।