মাৰ্ঘেৰিটাঃ ছেভেন বিল মীন মহলৰ নিবিদা আহ্বান কৰিছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে৷ মহকুমাটোৰ ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জন সংযোগ বিষয়াই এক প্ৰেছ বিবৃতি যোগে চেভেন বিল মীন মহলৰ নিবিদা আহ্বান কৰাৰ কথা ৰাজহুৱা কৰে৷
চৰকাৰী নিৰ্দেশানুযায়ী মহকুমাধিপতি বিক্ৰম কৈৰীয়ে জাৰী কৰা জাননী মৰ্মে অহা ১০ জুলাইৰ পৰা নিবিদাৰ প্ৰ-পত্ৰ ইচ্ছুক নিবিদাকাৰীয়ে মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ লগতে অহা ২১ জুলাইৰ বিয়লি ১ বজাৰ ভিতৰত নিবিদা সমূহ জমা দিব লাগিব৷