55
লখিমপুৰঃ লাইট জ্বলাবলৈ, ফেন চলাবলৈ নহয় মানুহক যমৰ ঘৰ দেখুৱালৈকেহে ৰাজ্যত বিদ্যুৎ যোগান অব্যাহত ৰাখিছে শক্তি বিভাগে। মহানগৰীত ৩জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া পল্লৱ লোচন দাসৰ বিভাগটোৱে এইবাৰ লখিমপুৰত প্ৰাণ কাঢ়িলে এগৰাকী যুৱতীৰ।
এই ঘটনাই সমগ্ৰ লখিমপুৰ জিলাবাসীক মৰ্মাহত কৰাৰ লগতে ক্ষুব্ধ কৰি তুলিছে। প্ৰাপ্ত বাতৰি মতে, লখিমপুৰ চহৰৰ কে বি ৰোডৰ ১২ নং ৱাৰ্ডৰ বৰমূৰীয়াত সংঘটিত হয় এই অঘটন।