লংকাঃ হোজাই জিলা কাকী আৰক্ষী থানাৰ অন্তৰ্গত ২/৩ নং কাকী ডিফলু গাঁৱত শুকুৰবাৰে বিয়লি বাল্য বিবাহৰ সম্পৰ্কে দিয়া অভিযোগৰ তদন্ত কৰিবলৈ আহি দৰা আৰু দৰাৰ ভাতৃৰ হাতত প্ৰহৃত হ’ব লগা হল হোজাই জিলাৰ চাইল্ড লাইনৰ দুই কৰ্মী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই কৰ্মীক উদ্ধাৰ কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এমাহ মান পূৰ্বে ২/৩ নং কাকী ডিফলু গাঁৱত টংকেশ্বৰ বৰাৰ পুত্ৰ পুতুল বৰাই কাৰ্বি আংলং জিলাৰ বকলীয়া থানাৰ অন্তৰ্গত বকলীয়া চিকাৰী পথাৰ গাঁৱৰ খেলন দাস নামৰ লোকজনৰ নৱম শ্ৰেণীত পঢি থকা কন্যা গৰাকীক বিয়া কৰাইছিল।