65
কামপুৰঃ নগাওঁ জিলাৰ কামপুৰ গাৰুখুন্দা স্বাস্থ্য কেন্দ্ৰত দিনৰ ১১ বজাৰ লৈকে চিকিৎসালয়ত উপস্থিত নহয় এজনো কৰ্মচাৰী। চিকিৎসালয় খনত ডাক্তৰ সহ ১০ জন কৰ্মচাৰী আছে যদিও উপস্থিত নাথাকে বহু কৰ্মচাৰী। ইফালে ডাক্তৰ নথকাত ৰোগীক চিকিৎসা প্ৰদান কৰে ফাৰ্মাচিষ্ট গৰাকীয়ে। ৰোগীৰ ব্যৱস্থা পত্রও লিখি দিয়ে ফাৰ্মাচিষ্টে।
শনিবাৰেও একেই দিনলিপি দেখা গ’ল স্বাস্থ্যকেন্দ্ৰটোত। বহু পলমকৈ চিকিৎসালয়খনত উপস্থিত হয় প্ৰাণ বল্লভ চৰকাৰ নামৰ ফাৰ্মাচিষ্ট জন।