ওৰাংঃ পৰিৱৰ্তনৰ শ্লোগান সমাধিস্থ হ’ল, যেতিয়া কেৱল পতাকা এখন পুতিয়েই প্ৰশাসনে দায়িত্ব সামৰিলে। দৰাচলতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বহু কেইজন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহু লোক ঘূণীয়া হোৱাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
অলপতে ৰাইজৰ দাবীত স্থানীয় প্ৰশাসনৰ গা লৰে যদিও প্ৰশাসনে ঘাইপথৰ মাজত ৰঙা পতাকা পুতি ‘বিপদ সংকুল পথ’ৰ সতৰ্কতাবাণীৰ ব্যৱস্থা কৰে। তাতেই দায়িত্ব সামৰে প্ৰশাসনে। আনহাতে একাংশ ৰাইজে ঘাইপথৰ উক্ত অংশ “সংৰক্ষিত জলাশয়” প্ৰশাসনৰ পদক্ষেপক বিদ্ৰুপ কৰিছে।