মাৰ্ঘেৰিটাঃ তিনিচুকীয়াৰ প্ৰস্তাৱিত ৬৬০ মেগাৱাট কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্পক লৈ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনৰ সদিচ্ছা নথকাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ শালিকী গাঁৱত কংগ্ৰেছ চৰকাৰৰ দিনতেই প্ৰস্তাৱিত প্ৰকল্প স্থাপনৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আধাৰশিলা স্থাপন কৰি ৬০০০ কোটি টকা আৱন্টন দিছিল যদিও মাৰ্ঘেৰিটা মহকুমাবাসীৰ বহু আকাংক্ষিত প্ৰকল্পটো কংগ্ৰেছ দলৰ নিৰ্বাচনী ইছ্যু হিচাবে প্ৰতিশ্ৰুতিতেই সীমাৱদ্ধ থাকিল৷