66
ডিজিটেল ডেস্কঃ বহু উৎকন্ঠাৰ অৱসান ঘটাই বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দলৰ প্ৰশিক্ষক৷ প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীক ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়ে বৰ্ডে৷
দুই বছৰৰ বাবে প্ৰশিক্ষক ৰূপে নিযুক্ত থাকিব শাস্ত্ৰী৷ নিজৰ ক্ৰিকেট কেৰিয়াৰত ৮০ খন টেষ্ট মেচ আৰু আৰু ১৫০ খন এদিনীয়া খেলাৰ অভিজ্ঞতা গোটোৱা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক লৈ উৎসাহিত ভাৰতীয় জাতীয় দলটো৷