গোৱালপাৰাঃ গোৱালপাৰা কাণ্ডৰ বিৰুদ্ধে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৱে আজি গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৰ নেতৃত্বত ওলাই অহা কেইবাশতাধিক লোকে গোৱালপাৰাৰ খাৰবোজাত অসম আৰক্ষীৰ গুলীত নিহত হোৱা ইয়াকুব আলীক ন্যায় প্ৰদানৰ দাবীত গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ সংগঠনটোৱে অমানৱীয় আৰু অগণতান্ত্ৰিক ডি ভোটাৰ ব্যৱস্থা উঠাই ল’বলৈকো দাবী জনায়।