105
গৰৈমাৰীঃ চোৰৰ টাৰ্গেট কেৱল মোবাইল৷ কোটি কোটি টকা পৰি থাকিলেও তাত হাত নিদিয়ে চোৰে৷ ৰাজ্যত বানাক্ৰান্তই হাহাকাৰ কৰি থকাৰ সময়তে দক্ষিণ কামৰূপৰ গৰৈমাৰীত মোবাইল চোৰে নিদ্ৰা হৰণ কৰিছে ব্যৱসায়ীৰ৷
গৰৈমাৰী সাপ্তাহিক বজাৰত অতি কমসময়ৰ ভিতৰত চোৰে কেৱল মোবাইল দোকনকে টাৰ্গেট কৰি লোৱাত ৰাইজে ক’বলৈ বাধ্য হৈছে যে চোৰ কেইজনক কেৱল মোবাইলহে লাগে, কোটি টকা পালেও নিনিব চাগে৷