61
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ নেৰা হৈছে ভাৰতীয় ক্ৰিকেট দলটোক৷ প্ৰশিক্ষক নিযুক্তিৰ নাটক শেষ হোৱাৰ পিছতেই এইবাৰ বলিং প্ৰশিক্ষক নিযুক্তিক লৈ আৰম্ভ হৈছে মনোমালিন্য।
শচীন তেণ্ডুলকাৰ,সৌৰভ গাংগুলী আৰু ভি ভি এছ লক্ষ্মণ পৰামৰ্শদাঁতা হিচাপে থকা প্ৰশিক্ষক নিযুক্তিৰ কমিটিয়ে বলিং প্ৰশিক্ষক হিচাবে নিযুক্তি দিছিল জাহিৰ খানক৷ কিন্তু এই নিযুক্তিক লৈ মুঠেই সন্তুষ্ট নহয় মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী৷