নতুন দিল্লীঃ অপ্ৰতিৰোধ্য মোদী। আপুনি মোদীৰ বিৰোধিতা কৰিব পাৰে, কিন্তু কোনো ক্ষেত্ৰতে তেওঁক বাধা দি ৰাখিব নোৱাৰে। যিমানেই বিতৰ্ক নহওক কিয়, বৰ্তমান সময়ত মোদী মোদীয়েই। ইয়াকে প্ৰমাণিত কৰি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰক অতিক্ৰমি নাগৰিকৰ সৰ্বাধিক আস্থাভাজন চৰকাৰৰ স্বীকৃতি লাভ কৰিছে মোদী চৰকাৰে।
বিমুদ্ৰাকৰণ, জিএছটি, গো মাংস নিষিদ্ধকৰণ আদি অনেক বিতৰ্কই ভাৰতক জোকাৰি গ’লেও বিশ্ব প্ৰেক্ষাপটত পুনৰ উজলি উঠিছে মোদী চৰকাৰ৷ ‘অৰ্গেনেনাইজেছন ফৰ ইক’নমিক কো-অপাৰেশ্যন এণ্ড ডেভলপমেন্ট’ৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷