59
কাজলগাঁওঃ চিৰাং জিলাৰ বেংতলত মাছ ধৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন ছাত্ৰই৷ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বেংতল ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ইলকিয়াছ নাৰ্জাৰী নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছিল।
প্ৰাপ্ত বাতৰি মতে, বেংতল কুমগুৰি নিৱাসী মাৰ্শ্বেল নাৰ্জাৰীৰ ১১ বছৰীয়া পুত্ৰ ইলকিয়াছে মাকৰ সৈতে ভজগিৰি নৈত মাছ ধৰিবলৈ গৈছিল৷ মাকে মাছ ধৰি থাকোতেই ইলকিয়াছ নিৰুদ্দেশ হয়৷