ডিজিটেল ডেস্কঃ ডকলামত মোতায়েন কৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ নকৰালৈকে চীনে ভাৰতৰ সৈতে আনুষ্ঠানিক বৈঠকত নবহাৰ কথা প্ৰকাশ কৰিছে এজন চীনা বিশেষজ্ঞই। সীমা বিতৰ্কৰ ওৰ পৰিবলৈ প্ৰচণ্ড শীতলৈ বাট চাব লাগিব দেশ দুখনে।
ইনষ্টিটিউট অব চাউথ এণ্ড চাউথইষ্ট এছিয়ান এণ্ড ওচিয়ান ষ্টাডিজ নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক হু চিচেঙে টাইমচ অৱ ইণ্ডিয়াৰ সংবাদদাতাৰ সৈতে হোৱা পোনপটীয়া কথা-বতৰাত কয় যে অঞ্চলটোত শীতৰ প্ৰকোপ বঢ়াৰ পিছতহে দেশ দুখনৰ সম্পৰ্ক সামান্য স্বাভাৱিক অৱস্থালৈ আহিব পাৰে।