গোৰেশ্বৰঃ অসমীয়া গল্প সাহিত্য কোনো ক্ষেত্ৰতে পিছপৰা নহয়। অসমীয়া ভাষাত মহিম বৰা, ভবেন্দ্ৰ নাথ শইকীয়া, চৈয়দ আব্দুল মালিক, সৌৰভ কুমাৰ চলিহা আদিৰ দৰে প্ৰখ্যাত গল্পকাৰে বিশ্বমানৰ গল্প সাহিত্য উপহাৰ দি গৈছে। বিশ্বমানৰ সাহিত্যৰ মানদণ্ড স্পৰ্শ কৰিছে অসমীয়া সাহিত্যই। এই মন্তব্য বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰৰ।
শনিবাৰে অসমীয়া সাহিত্যৰ অগ্ৰজসকলৰ পদাংক অনুসৰণ কৰি বাগসা জিলাৰ গোৰেশ্বৰ-মহৰিপাৰাৰ এগৰাকী প্ৰবীণ লেখক মাধৱ চন্দ্ৰ কলিতাৰ গল্পপুথি বনজাৰা উন্মোচন কৰি তালুকদাৰে এনেদৰে মন্তব্য কৰে। মহৰিপাৰা স্থিত ডলফিন অফছেট প্ৰেছৰ প্ৰথম বৰ্ষপূতি উপলক্ষে আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাৰ সঞ্চালনা কৰে শিক্ষাবিদ মতিৰাম বড়াই।