সৰভোগঃ সৰভোগৰ বৰনগৰ অঞ্চলৰ ‘খোজ প্ৰগতিৰ পথত এক যাত্ৰা’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে৷ এটা শাখাত অনুষ্ঠিত হ’বলগীয়া ৰচনা প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
ৰচনা প্ৰতিযোগিতাৰ বিষয় বস্তুু হৈছে হিচ মাষ্টাৰ অফ ভয়চ (HMV)ত প্ৰথম অসমীয়া গান ৰেকৰ্ড কৰা কৌতুক শিল্পী প্ৰফেচাৰ ৰাৱণ নাথ। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি আন ব্যক্তিয়ে লিখা বুলি প্ৰমাণিত হলে ৰচনাখন গ্ৰহণ কৰা নহ’ব৷