ডিজিটেল ডেস্কঃ মীৰা কুমাৰ নে ৰামনাথ কোবিন্দ- এই প্ৰশ্নই মনত লৈ আজি আৰম্ভ হৈছে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান। ৰাষ্ট্ৰীয় গণতান্ত্ৰীক মৰ্চাৰ প্ৰাৰ্থী ৰামনাথ কোবিন্দৰ বিপৰীতে আছে বিৰোধী দলৰ প্ৰাৰ্থী মীৰা কুমাৰ। সংসদ ভৱনৰ ৬২ নং কোঠাত পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। সন্ধিয়া ৫ বজালৈকে ভোটদান কাৰ্যসূচী চলিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুঠ ভোটমূল্য হৈছে ১০,৯৮৯০৩। সন্ধিয়া ৫ বজাৰ লগে লগে ভোট বাকচসমূহ ষ্ট্ৰং ৰুমলৈ নিয়া হ’ব। ২০ জুলাইত খোলা হ’ব এই বাকচবোৰ। লগে লগে আৰম্ভ হ’ব গণনা। ফলাফলো দিয়া হ’ব সিদিনাই। ২৪ জুলাইত ৰাষ্ট্ৰপতি প্ৰণৱ মূখ্যৰ্জীৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে ২৫ জুলাইত নতুন ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।
