ডিজিটেল ডেস্কঃ আইফা এৱাৰ্ডছৰ মজিয়াত অভিনেত্ৰী কংগনা ৰাণাৱটক ঠাট্টা কৰি এতিয়া পস্তাইছে পৰিচালক কৰণ জোহৰে৷ উক্ত অনুষ্ঠানত কৰণ, অভিনেতা চেইফ আলী খান আৰু বৰুণ ধৱনে ‘নেপ’টিজিম ৰকছ’ (পৰিয়ালবাদ) বুলি ধ্বনি দিছিল৷
কৰণ জোহৰৰ ’কফি উইথ কৰণ’ নামৰ অনুষ্ঠানটোত আহি বলিউডত চলি থকা পৰিয়ালতন্ত্ৰবাদক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল কংগনাই৷ তদুপৰি কৰণ জোহৰক উক্ত নেপ’টিজিমৰ মুখ্য সমৰ্থক বুলি অভিহিত কৰিছিল৷ তদুপৰি নিৰ্দেশকগৰাকীয়ে বলিউদত বৰ্তমান নেপ’টিজিম বৃদ্ধি কৰা বুলি উল্লেখ কৰিছিল কুইন কংগনাই৷