ডিজিটেল ৰিপ’ৰ্টঃ অসমত কিতাপ, আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। বৰ্তমান এই আক্ষেপ বহুতৰে। কিন্তু এনে আক্ষেপক এক প্ৰকাৰ অসত্য প্ৰমাণিত কৰাৰ দিশে অগ্ৰসৰ হৈছে এজন লেখক-সাংবাদিক। এইগৰাকী অভিজ্ঞতাপুষ্ট লেখক-সাংবাদিকে শেহতীয়াকৈ হাতত লৈছে এক অভিনৱ পদক্ষেপ। সাংবাদিকগৰাকীৰ এই অভিনৱ পদক্ষেপে ৰাজ্যখনৰ গ্ৰন্থ আৰু আলোচনী প্ৰেমীসকলৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি।
এই লেখক-সাংবাদিকগৰাকী আন কোনো নহয়। তেওঁ হৈছে কেবাখনো জনপ্ৰিয় গ্ৰন্থৰ লেখক মৃদুল কুমাৰ সন্দিকৈ। কিছুদিন পূৰ্বে কেইজনমান ব্যতিক্ৰমী মনৰ তৰুণ-তৰুণীক লৈ তেওঁ পৰিকল্পনা কৰিছিল এখন বিশেষ আৰু ব্যতিক্ৰমী আলোচনীৰ। সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা ছ’চিয়েল মিডিয়া ‘ফেচবুক’ৰ অসমীয়া ব্যৱহাৰকাৰীসকলৰ প্ৰতিটো ইতিবাচক পোষ্ট-আপডেট তথা আলাপ-আলোচনাক ছপা ৰূপ দি ধৰি ৰখাটোৱেই আছিল তেওঁৰ উদ্দেশ্য।