বোকাজানঃ বিগত কেবাদিন ধৰি চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত অসমৰ সীমান্তৱৰ্তী জিলা কাৰ্বিং আংলঙৰ বিভিন্ন স্থানত বানপানীয়ে বিধ্বস্ত কৰিছে জনজীৱন। জিলাখনৰ সদৰ চহৰ ডিফুৰ কাষৰীয়া অঞ্চলত নিশাটোৰ ভিতৰতে হঠাৎ পানীয়ে বুৰাই পেলোৱাত আতংকিত হৈ পৰিছে বাসিন্দাসকল।
পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বাণিজ্যিক কেন্দ্ৰ ডিমাপুৰৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন কৰি পেলোৱাৰ সমান্তৰালকৈ ধনশিৰি নৈৰ বাঢ়নি পানীয়ে সংকট নমাই আনিলে ডিমাপুৰৰ সীমান্তৱৰ্তী এলেকা ডিফু চহৰৰ কাষৰীয়া অঞ্চলৰ পানবাড়ী, শীতলাবাড়ী, ধৰমনালা, শান্তিপাৰা গাোৱান পট্টি, চাৰ্থ কলনি আৰু হৰিলালবস্তি এলেকাত৷