টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিধ্বস্ত বাট-পথ মেৰামতিৰ দাবীত ৰাজগড়ত আছুৰ পথ অৱৰোধ কাৰ্যসূচী। বিধ্বস্ত বাট-পথৰ পুনৰ নিৰ্মাণৰ দাবীত টিংখাং ৰাজগড়ত আছুৱে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুধবাৰে।
ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই টিংখাং সমষ্টিৰ অন্তৰ্গত জৰাজীৰ্ণ অৱস্থাত থকা প্ৰায় ১৫ টা পথ, উপ-পথৰ শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথ অৱৰোধ কৰে। প্ৰায় দুঘণ্টা ধৰি চলা পথ অৱৰোধ কাৰ্যসূচীৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।