ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হ’ব এগৰাকী মহিলা। প্ৰথমবাৰৰ বাবে ন্যায়াধীশ হিচাপে কোনো মহিলা অধিবক্তাৰ নাম পোনপটীয়াভাবে উল্লেখ কৰাত ইতিহাসৰ সৃষ্টি হয়৷ পাঁচ বিচাৰপতিৰ কলিজিয়ামে অধিবক্তা ইন্দু মালহোত্ৰাক ন্যায়াধীশ হিচাপে নিয়োগ কৰাৰ বাবে নাম উল্লেখ কৰে।
উল্লেখ্য, ইয়াৰ পূৰ্বে কোনো মহিলা অধিবক্তাক পোনপটীয়াভাবে শীৰ্ষ আদালতৰ বিচাৰপতিৰ আসনত বহা নাছিল৷ ফলত ইন্দু মালহোত্ৰাক বিচাৰপতিৰ আসনত নিয়োগ কৰিলে এক নজিৰ হিচাপে বিবেচিত হ’ব৷