তেজপুৰ টাউনঃ তেজপুৰৰ আগশাৰীৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ উদ্যোগত ঐতিহ্যমণ্ডিত তেজপুৰত যোৱা ৫ জানুবাৰীৰ পৰা অনুষ্ঠিত অনুষ্ঠিত গ্ৰন্থ মেলাৰ ১০ জানুৱাৰীত সামৰণি পৰে। নগাঁও স্থিত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ কন্দৰ্প কুমাৰ ডেকাই উদ্ধোধন কৰা গ্ৰন্থ মেলাত মুখ্য অতিথি ৰূপে শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা উপস্থিত থাকে।
তৰুণ অসম সংঘৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত গ্ৰন্থ মেলাৰ সৈতে সংগতি ৰাখি বিশেষ বক্তৃতা অনুষ্ঠান, কবি সন্মিলন, কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে। গ্ৰন্থ মেলাত বিপনীৰ সংখ্যা যঠেষ্ট কম হোৱাৰ লগতে গ্ৰাহকৰ উপস্থিতিও সেৰেঙা দেখা গৈছিল।