newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিনত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷ কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ কলে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবেহে দাম বঢ়াইছে চৰকাৰে৷ মোডীয়ে সোনকালে দাম কমাব৷ প্ৰশংসা আৰু আনন্দ দুয়োটাই সমানে কৰা হ’ল৷ কিন্তু অচ্ছে দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিমান কমালে৷ খবৰ ওলাল মাথো ৬৩ পইচা কমাই দিছে৷ তাৰ দ্বাৰা চৰকাৰে বাঃ বাঃ লবলৈ চেষ্টা কৰে৷ কিন্তু কিছু সময় পাছতে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এএনআইয়ে দিলে প্ৰকৃত খবৰটো৷ আচলতে পেট্ৰলৰ দাম ১ পইচাহে কমিছে৷