newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা অচল হৈ পৰিল দেশৰ বেংক সমূহ। দেশৰ বেংকৰ শাখা সমূহত হোৱা নাই কাম-কাজ৷ সমগ্ৰ দেশজুৰি ৬ লক্ষাধিক বেংক কৰ্মচাৰীয়ে দুদিনৰ বাবে বেংকৰ কাম কাজ স্থগিত ৰাখে৷ যাৰ ফলত গ্ৰহাকে হাহাকাৰ ককৰিব লগা হৈছে। বহু ঠাইত গ্ৰাহক বংকৰ শাখালৈ আহি উভতিব লগা হৈছে। গুৱাহাটী মহানগৰীতো বেংকৰ শাখা সমূহ বন্ধ থকা পৰিলক্ষিত হয়।
বেংকৰ কৰ্মচাৰীয়ে ২ শতাংশ দৰমহা বৃদ্ধি কৰিব ওলোৱা কাৰ্যৰ বিৰুদ্ধে ৩০ আৰু ৩১ মে’ত প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে ২০১৭ চনৰ পৰাই দাবী জনাই আহিছে যদিও চৰকাৰে মানি নোলোৱাত প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷